ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁৱত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। চহৰখনৰ ভূঁঞাপট্টি, বৰভেটি, চিলঙনি, কাঠমিল চাৰিআলি, মৰিকলং আদি অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা। প্ৰত্যেকদিনে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে যদিও চহৰখনত অব্যাহত আছে ড্ৰাগছৰ বেহা।
শুকুৰবাৰে নগাঁৱৰ চিলঙিত আমতলত আৰক্ষীয়ে অভিযান চলাই ব্ৰাউন চুগাৰ আৰু নগদ ২ লাখ টকা সহ গ্ৰেপ্তাৰ কৰে আব্দুল হাই নামৰ এক ড্ৰাগছ মাফিয়াক। জানিব পৰা মতে, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চিলঙনী আমতলত ব্ৰাউন ছুগাৰ বিক্ৰী কৰিবলৈ ৰৈ থকা আব্দুল হাইক প্ৰত্যক্ষ কৰে।
আৰক্ষীৰ দলটোক দেখি ড্ৰাগছ আৰু টকাৰ বেগটো ধাননি পথাৰত দলিয়াই অভিযুক্ত পলাব বিচাৰে যদিও আৰক্ষীয়ে আব্দুল হাইক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বে আব্দুল হাইয়ে ২ লাখ ৪১ হাজাৰ টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ স্বীকাৰোক্তি প্ৰদান কৰিছে অভিযানকাৰীদলক।
আনহাতে, অভিযুক্তই ধাননি পথাৰত দলিয়াই দিয়া বেগটো উদ্ধাৰ কৰিবলৈও সক্ষম হয় আৰক্ষী। খবৰনুসৰি, আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়াৰ এতিয়া প্ৰথম পছন্দ হৈ পৰিছে নগাঁও। নগাঁৱৰ বহু জুপুৰী ঘৰত দিনে-নিশাই চলি আছে কোটি টকাৰ ড্ৰাগছৰ বেহা। ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ পৰিছে চহৰখনৰ বিভিন্ন অঞ্চলত অবৈধ বেদখল কৰি জীৱন নিৰ্বাহ কৰা একাংশ সন্দেহযুক্ত নাগৰিক।













