ষ্টাফ ৰিপ’ৰ্টাৰ:
সমাগত ২০২১ বৰ্ষৰ নিৰ্বাচন। সদ্যগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক এই নিৰ্বাচনত ঐক্যবদ্ধ হৈ নিৰ্বাচনী যুঁজ দিবলৈ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুঁটীয়া সম্পাদক ধৈৰ্য কোঁৱৰে।
জোনাইত অনুষ্ঠিত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত হয় এই আহ্বান জনায় কৃষক নেতা গৰাকীয়ে। ৰাইজৰ দল আৰু এজেপিয়ে লগ হ’লেহে ২০২১ চন নিৰ্বাচনত অসমৰ জনজীৱনৰ ভিন্ন সা-সুবিধাৰ প্ৰতি লক্ষ্য দি এখন মনে বিচৰা চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰে ধৈৰ্য্য কোঁৱৰে। তেওঁৰ মতে যদি সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰিবলগীয়া হয় তেতিয়াহ’লে সন্মিলিত প্ৰচেষ্টাৰে সকলোৱে আগবাঢ়িব লাগিব।
উল্লেখ্য যে, ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শুক্ৰবাৰে এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা জোনাইৰ সাপ্তাহিক বজাৰত অনুষ্ঠিত কৰা হয়। ধেমাজি জিলা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধৰ্য্য কোঁৱৰ , আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কুঁৱৰ উপস্থিত থাকে৷ আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত জিলা সমিতিৰ সভাপতি ছেইফ পাৱ আৰু ভবেন সালয় সভাপতিত্বত হোৱা সভাত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা ‘ৰাইজৰ দল’ ত যোৱা সতীৰ্থ সকলক বিদায় জনোৱা হয়।
জোনাইত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা জোনাইত উপস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধৰ্য্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰক উষ্ম আদৰণি জনায়।
জোনাই ৰাংকপ তিনিআলিৰ পৰা জোনাই বজাৰলৈ মিচিং জনগোষ্ঠীয় নৃত্য আৰু ঢোলেৰে শোভাযাত্ৰা কৰি, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ,মানস কোঁৱৰ জিন্দাবাদ আদি বিভিন্ন শ্লগানেৰে কৃষক নেতা দুগৰাকীক আদৰি আনে জোনাই মহকুমা, আঞ্চলিক সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থ সকলে৷













