ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ শিশু ৰখা ICU বিভাগত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত এই অগ্নিকাণ্ডত নিশা হাস্পাতালত এক হাঁহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
শিশু সকলৰ অভিভাৱকে হুৱাদুৱাৰ সৃষ্টি কৰে। অগ্নিকাণ্ডটোৰ ফলত বিজুলী সংযোগ বিচিন্ন হোৱাৰ ফলত ভেন্টিলেশ্যনত ৰখা এটি সদ্যোজাত শিশুৱে মৃত্যুক সাৱতিবলগীয়া হয়।আনহাতে, অন্ধকাৰত বহু লোক আহত হয়।
চতুৰ্থ, তৃতীয়, দ্বিতীয় মহলাত থকা প্ৰসূতি আনকি কেইঘণ্টামান পূৰ্বে জন্ম হোৱা শিশুকো কোলাত লৈ চিকিৎসালয়খনৰ বাহিৰলৈ ওলাই আহে ৰোগী আৰু অভিভাৱক।চিকিৎসালয়খনৰ নিৰাপত্তাৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত অৱশ্যে ক্ষিপ্ৰতাৰে জুই নিৰ্বাপিত কৰা হয়।













