ষ্টাফ ৰিপ’ৰ্টাৰ:
বিজ্ঞানপ্ৰযুক্তিত যিমান ভাল গুণ আছে তাৰ সমান্তৰালকৈ ইয়াৰ কেতবোৰ বেয়া গুণেও ইতিমধ্যে বহু জনসাধাৰণক ঢোকে ঢোকে পানী খুৱাইছে। শেহতীয়াকৈ নুমলীগড় আৰক্ষীৰ জালত পৰিছে দূধৰ্ষ আন্তঃৰাষ্ট্ৰীয় অনলাইন হেকাৰ।
দীৰ্ঘদিনৰ পৰা প্ৰৱঞ্চকত দলটোৱে সমগ্ৰ দেশত ভিন্নজন ব্যক্তিৰ পৰা লুটি আহিছিল বৃহৎ পৰিমাণৰ ধন; অৱশেষত হাৰিয়াৰা অপৰাধ অনুসন্ধান সংস্থাৰ সহযোগত নুমলীগড় আৰক্ষীয়ে হেকাৰটোক আটক কৰে হাৰিয়ানাৰে নাহো জিলাৰ পৰা।
সম্প্ৰতি নুমলীগড় আৰক্ষীৰ জিম্মাত থকা হেকাৰটোৰ সৈতে আন বহু লোক জড়িত থকা সন্দেহ কৰা হৈছে।













