ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : “সংবাদ পত্ৰ সমাজৰ দাপোন স্বৰূপ । বিভিন্ন ক্ষেত্ৰত ঘটি থকা ঘটনা প্ৰবাহৰ খবৰ সংবাদ মাধ্যমে ৰাইজৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়ে সমাজত সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম।” এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।
আজি নগাঁৱৰ “ৰণাংগন” প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা “সাপ্তাহিক ৰণাংগন” নামৰ কাকতখন মুকলি কৰি দিয়া ভাষণত বিধায়কগৰাকীয়ে কয় যে এই কাকতখনৰ সংযোজনে নগাঁৱৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
আনহাতে নিজে দীৰ্ঘদিন ধৰি বাতৰি কাকত বিতৰকৰ লগত জড়িত থকাৰ বিষয়ে উল্লেখ কৰি বিধায়ক শৰ্মাই কয় যে এসময়ত নগাঁও জিলাত বাতৰি কাকতৰ প্ৰচলন আন জিলাৰ তুলনাত যথেষ্ট বেছি আছিল। বাতৰি বিতৰকৰ প্ৰতিযোগিতাত আমাৰ প্ৰতিষ্ঠান ৰুমী-ৰূপকৰ নাম প্ৰথম বা দ্বিতীয় স্থানত থাকে। টি ভি, পৰ্টেলৰ যুগত এখন সাপ্তাহিক কাকত চলাই থকাতো প্ৰত্যাহ্বানমূলক কাম।
এই প্ৰত্যাহ্বান নেওচি “ৰণাংগন” জীয়াই থাকিব লাগিব। ইপিনে নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ কথা উল্লেখ কৰি বিধায়ক শৰ্মাই কয় যে কলঙক লৈ আমাৰ অলেখ সপোন আছে। ১৯৬৪ চনৰ পৰা বন্ধ হৈ থকা কলঙৰ মুখত শ্লুইচ গেট দি কলঙক পুনৰ বিজ্ঞানসন্মতভাৱে বোৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে। অহা বাৰিষাৰ আগে আগে নগঞা ৰাইজে কলঙত পূৰ্বৰ ৰূপ দেখিবলৈ পাব। বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত কাকতখনৰ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা, এ ডি পি কলেজৰ অধ্যক্ষ ডঃ সুৰজিত ভাগৱতী, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই ভাষণ দি বাতৰি কাকত প্ৰকাশ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ কথা উল্লেখ কৰি প্ৰত্যেক কাকতেই নিজৰ মতাদৰ্শত অটল হৈ থাকিলেহে কাকতখন শক্তিশালী হৈ উঠিব বুলি মন্তব্য কৰে ।
আনহাতে সভাপতিৰ ভাষণত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে কোনোধৰণৰ পক্ষপাতমূলক ভূমিকা নোলোৱাকৈ সমাজৰ সকলো শ্ৰেণী লোকৰ আশা আকাংক্ষাক গুৰুত্ব প্ৰদান কৰি বাতৰি পৰিবেশন কৰিবলৈ কাকত গোষ্ঠীক আহ্বান জনায় । নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত অনুষ্ঠিত অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, সাহিত্যিক ৰতি মোহন নাথ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য ভৱেশ মেধি, আব্দুল খৈয়েৰ আহমেদ, স্বপ্না কলিতা, জ্যেষ্ঠ অধিবক্তা শুকুৰাম দাস, জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্ত আদিয়ে অংশগ্ৰহণ কৰে।
ভায়লিনা শইকীয়াই আঁত ধৰা অনুষ্ঠানত কাকতখনৰ সম্পাদনা উপদেষ্টা শিৱপ্ৰসাদ বৰা আৰু সম্পাদক মিন্টু দাসে কাকতখনৰ বিষয়ে বিৱৰি কয়। উল্লেখ্য যে, “ৰণাংগন” প্ৰকাশনৰ সঞ্জীৱ বৰাই আজি ১০ বছৰ ধৰি “ৰণাংগন” নামৰ এখন মাহেকীয়া বাৰ্তালোচনী প্ৰকাশ কৰি আহিছে।













