ষ্টাফ ৰিপ’ৰ্টাৰ:
সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি ল’ব মূখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই। দেওবাৰে দুলীয়াজানৰ অধিৱেশন স্থলী আৰু শিমলুগুৰু আঞ্চলিক ছাত্ৰ সন্থাৰ নৱনিৰ্মিত শ্বহীদ ভৱন পৰিদৰ্শন কৰাৰ সমান্তৰালকৈ তেওঁৰ এই কথা ব্যক্ত কৰে।
আগন্তুক দুলীয়াজান অধিৱেশনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লয় নেতাগৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক সুৰক্ষাৰ প্ৰতি অধিক মনোনিৱেশ কৰাৰ কথা প্ৰকাশ কৰে সমুজ্জল ভট্টাচাৰ্য্যই।
অসম চুক্তিৰ ৬ নং দফা অনুসৰি চৰকাৰে সাংবিধানিক ৰক্ষা কবচৰ কথা কৈছিল আৰু এয়া কাৰ্যকৰী কৰিবই লাগিব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে। “কা” মানি নোলোৱাৰ হুংকাৰ দি নেতা গৰাকীয়ে কয় যে,’ সাম্প্ৰদায়িক চিন্তাৰে অসমৰ সমাজ জীৱনৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰোৱা হৈছে, ষড়যন্ত্ৰ চলিছে। ৰাজনীতিকে সমাজ ভাঙে, সংস্কৃতিয়ে সমাজ গঢ়ে। গতিকে এইক্ষেত্ৰত শিল্পী সমাজৰ নেতৃত্ব বিচাৰিছে ছাত্ৰ নেতাজনে৷
দল আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমীয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থত কাম কৰি যাব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ লগতে পুনৰ ‘কা’ আন্দোলন আৰম্ভ হ’ব বুলিও মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে৷ অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷













