ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও কলেজ এন. এছ. এছ গোট আৰু ছাত্র একতা সভাৰ উদ্যোগত সমাগত দীপাৱলী উৎসৱত ফটকা, আতচবাজীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি সম্পূর্ণ কভিড-১৯ ৰ নিয়ম বৰ্তাই এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখ্য যে নগাঁও মহাবিদ্যালয়ে প্ৰতি বছৰে দীপাৱলীৰ প্ৰাকমুহূৰ্তত এনেধৰণৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজি সজাগতা কাৰ্যসূচীত উপস্থিত থাকি নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী আৰু এন. এছ. এছৰ স্বেচ্ছাসেবকসকলক সমাগত দীপাৱলীত ফটকা নুফুটুৱাৰ শপত বাক্য পাঠ কৰায়।
অধ্যক্ষ ড০ বৰকটকীয়ে লগতে কয় যে নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি বছৰে দীপাৱলীৰ প্ৰাকমুহূৰ্তত প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰৰ সুৰক্ষা আৰু প্ৰদুষণ ৰোধৰ বাবে এনেধৰণৰ প্ৰচেষ্টা চলাই অহা বুলি মন্তব্য কৰে ।
ছাত্ৰ-ছাত্ৰীসকলৰ যোগেদি সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজলৈ ‘পোহৰৰ উৎসৱ উদযাপন কৰক শব্দৰ উৎসৱ নহয়’ বাৰ্তা লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলিও তেওঁ জানিবলৈ দিয়ে । এন. এছ. এছ গোটৰ প্ৰগেম অফিচাৰ ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই সজাগতা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা আৰু অনা শিক্ষক কৰ্মচাৰীয়ে সম্পূৰ্ণ কভিড নীতি-নিয়ম মানি অংশগ্রহণ কৰে।
ড০ চুতীয়াই কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমাজৰ সকলো স্তৰৰ লোকক ছাত্ৰ-ছাত্ৰীসকলৰ যোগেদি কৰ’না ৰোগীসকলৰ কথা চিন্তা কৰি ফটকা, আতচবাজী ফুটুৱাৰ পৰা বিৰত থাকিবৰ বাবে আহ্বান জনায় । ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিৰঞ্জন বৰাই দীপাৱলীৰ আধ্যাত্মিক গুৰুত্বৰ কথা উল্লেখ কৰি সকলোকে বন্তি জ্বলাই পোহৰৰ উৎসৱ উদযাপনৰ আহ্বান জনায়।
এন. এছ. এছৰ স্বেচ্ছাসেৱিকা তামান্না বৰুৱাই কলেজৰ এনে পদক্ষেপে আমাৰ পৰিৱেশ, জৈৱ-বৈচিত্ৰ সংৰক্ষণ আৰু প্ৰদুষণ ৰোধ কৰাত এক সবল ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে।













