ষ্টাফ ৰিপ’ৰ্টাৰ:
বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপিএফত মুখ্য আঘাত।হাগ্ৰাম মহিলাৰীৰে সম্পৰ্ক ছেদ বিপিএফৰ ৰাজ্যসভা একমাত্ৰ সাংসদ বিশ্বজিৎ দৈমাৰী।
বুধবাৰে বিপিএফৰ পৰা পদত্যাগ কৰা বুলি সংবাদমেলৰ জৰিয়তে আনুষ্ঠানিক ভাৱে ঘোষণা কৰি সাংসদ দৈমাৰীয়ে কয়- স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈ যাবলৈ ওলাইছোঁ।আঞ্চলিক শক্তি বিপিএফত লাভ কৰা জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় দল বিজেপিত যোগদান কৰিম বুলি তেওঁ কয়।
উল্লেখ কেইদিনমান পূৰ্বে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৈমাৰী বিজেপিত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল।গুৱাহাটী হোটেল লিলিত সম্বোধন কৰা সংবাদমেলত দৈমাৰীয়ে কয়- হাগ্ৰামাৰ সৈতে কোনো সংঘাট নাই কিন্তু দলৰ কাম কাজক লৈ দ্বিমত আছে।দলৰ প্ৰতি প্ৰথম পৰ্যায়ত থকা ইচ্ছা শেষ হৈছে”।
সময় আৰু পৰিস্থিতিয়ে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা বুলি উল্লেখ কৰি সাংসদ দৈমাৰীয়ে কয়-মোৰ বিৰুদ্ধে বিপিএফৰ যাৰ যি কব লগা আছে কব পাৰে।গালি দিবলৈ হলেও দিব পাৰিব”।
পদত্যাগৰ কথা ঘোষণা কৰি দৈমাৰীয়ে বি পি এফৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাই কয়- বড়ো চুক্তি ৰূপায়ণ কৰাত বাধা প্ৰদান কৰিছে ।বড়ো আৰু অবড়ো সংঘাতৰ কোনো সমাধান নহল।উন্নয়ন মূলক কামত বাধা দিয়াটো চলি আছে বিটিচিত।বিগত পাঁচ বছৰত কেৱল অফিচ-কছাৰী বনোৱা ব্যস্ত থকা হল তাৰ বাহিৰে কোনো উন্নয় নহল”।
বুঢ়া দিনত বিটিচিবাসী বদনাম যাতে শুনিব লগা নহয় তাৰ বাবে বিপিএফ ত্যাগ কৰা কথা কয় দৈমাৰীয়ে।গুৰুত্বপূৰ্ণ কথা এই যে বিপিএফ ত্যাগ কৰা সমান্তৰালকৈ আইনৰ নিয়ম অনুসৰি ৰাজ্যসভা সাংসদ পদো ত্যাগ কৰিব দৈমাৰীয়ে।ইফালে বিশেষ সূত্ৰ খবৰ মতে আগন্তক পৰিষদীয় নিৰ্বাচনত বিশ্বজিৎ দৈমাৰী বিজেপিয়ে বিটিচি চীফ হিচাপে থিয় কৰাব।













