ষ্টাফ ৰিপ’ৰ্টাৰ:
মাৰ্ঘেৰিটাত সংঘটিত হৈছে ভয়ংকৰ দূৰ্ঘটনা। শিৱসাগৰৰ পৰা সকাম খাই ঘৰলৈ উভতি অহা অৱস্থাত মাৰ্ঘেৰিটাৰ চাইডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত মাৰুটি ইক’ বাহনত ঘটা যান্ত্ৰিক বিজুতিৰ ফলত গাড়ীখনে এখন ছিলিণ্ডাৰ ভৰ্তি ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।
ফলত থিতাতে নিহত হয় এগৰাকী টুলু বৰুৱা নামৰ মহিলা। আনহাতে, গুৰুত্বৰ ভাৱে আহত হোৱা আন ছজন লোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে মাৰ্ঘেৰিটা আৰক্ষী।













