![]()
নগাঁও : কোভিড-১৯ৰ সংক্ৰমণৰ আশংকা আৰু ৰাজহুৱা শান্তি-সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত আগন্তুক কালী পূজা, দীপাৱলী আৰু ষট পূজা উদযাপনৰ ক্ষেত্ৰত নগাঁও জিলাৰ জিলা দণ্ডাধীশ কবিথা পদ্মনাভণে ফৌজদাৰী কাৰ্য্যবিধিৰ অধীনত সমগ্ৰ জিলাখনতে ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰে। এই অনুসৰি পেট্ৰল পাম্প, এল, পি, জি, মজুত ৰখা এলেকা, পাৱাৰ হাউচ আদিৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত কোনোধৰণৰ আতচবাজি ব্যৱহাৰৰ কৰিব নোৱাৰিব।
আনহাতে পথ, পদ-পথ আদিত আতচবাজি বিক্ৰী আৰু ফুটুৱাৰ লগতে যি কোনো ধৰণৰ ৰকেট জাতীয় আতচবাজি ফুটুৱা আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হয়। ইয়াৰ উপৰি আগন্তুক দীপাৱলীৰ সময়ত সন্ধিয়া ৮ বজাৰ পৰা নিশা ১০ বজালৈহে সেউজ আতচবাজিহে (Green Crackers) ব্যৱহাৰৰ কৰিব পাৰিব ।
ইপিনে ষট পূজাৰ দিনা পুৱা ৬ বজাৰ পৰা পুৱা ৮ বজালৈ আৰু খ্ৰীষ্টমাচ আৰু নিউ ইয়েৰ ইভত ৰাতি ১১’৫৫ বজাৰ পৰা পুৱা ১২’৩০ বজালৈহে সেউজ আতচবাজি (Green Crackers) ব্যৱহাৰ কৰিব পাৰিব। এই নিষেধাজ্ঞা তৎকালে সমগ্ৰ জিলাখনত বলবৎ কৰা হৈছে আৰু আইন ভংগকাৰীসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হব বুলি জিলা জনসংযোগ বিষয়াই এক বিবৃতি যোগে জানিবলৈ দিয়ে ।













