নিউজ ডেস্কঃ
পুনৰ অস্বাভাৱিক মৃত্যু বলিউডৰ অভিনেতাৰ৷ এইবাৰ অস্বাবাৱিক মৃত্যু হ’ল আচিফ বছৰাৰ। বৃহস্পতিবাৰে হিমাচল প্রদেশৰ ধৰমশালাৰ এটা ফ্লেটৰ পৰা তেওঁৰ চিপ লৈ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৩ বছৰ। প্রাথমিক অনুসন্ধানত তেওঁ আত্মহত্যা কৰা বুলিয়েই আৰক্ষীয়ে অনুমান কৰিছে।