ষ্টাফ ৰিপ’ৰ্টাৰ:
তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত তালাপ চাহ বাগিচাৰ সমীপত বাইপাছত আজি বিয়লি সংঘটিত এক দূৰ্ঘটনাত এজন লোক নিহত আৰু আনজন লোক গুৰুত্বৰভাৱে আহত হয়। নিহত হোৱা লোকজনৰ নাম বিদেন ছোৰেন আৰু আহত হোৱা লোকজন হৈছে মনচুক বাৰ্লা।
তালাপ চাহ বাগিচাৰ ট্ৰেক্টৰসহ এখন ট্ৰেইলাৰে বাইপাছত উঠা সময়তে উক্ত আৰোহী দুজন অহা বাইকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দূৰ্ঘটনা।
তালাপ আৰু ডুমডুমা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷













