ষ্টাফ ৰিপ’ৰ্টাৰ:
সতীৰ্থ সাংবাদিক পৰাগ ভূঞা মৃত্যু উচিত তদন্তৰ দাবীত গুৱাহাটীত প্ৰতিদিন গোষ্ঠীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী।উলুবাৰী প্ৰতিদিন টাইমৰ কাৰ্যালয় সন্মুখত কলাবেজ পিন্ধি দুৰ্ভগীয়া সাংবাদিক গৰাকীৰ মৃত্যু উচিত তদন্ত দাবী জনাই।
“পৰাগক ন্যায় দিয়ক, হত্যা আঁৰত কোন উত্তৰ লাগে,সাংবাদিক হত্যা বন্ধ হওঁক” আদি বিভিন্ন শ্লোগানৰ প্লে কাৰ্ড প্ৰদৰ্শন কৰে।
প্ৰতিদিন টাইমৰ কাকপথাৰৰ সাংবাদিক ভুঞাই বহু সময়ত দুৰ্নীতিগ্ৰস্ত ব্যক্তি বিৰুদ্ধে বাতৰি পৰিৱেশ কৰিছিল।চোৰাং কয়লা- কাঠ ব্যৱসায়ৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰিছিল।
উল্লেখ বুধবাৰে সন্ধিয়া ঘৰৰ সমীপতে সাংবাদিক গৰাকীক এখন ডি আই বাহনে মহতীয়াই নিয়ে।চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱটি লয়।
উল্লেখ অসম জাতীয় পৰিষদৰ আহ্বায়ক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা ভাতৃ আছিল পৰাগ।পৰাগক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যবাসী।













