ষ্টাফ ৰিপ’ৰ্টাৰ:
নেচনেল চেম্পল চাৰ্ভে অফিচৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া ৰীণা দাসৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই এতিয়া লৈছে নতুন মূৰ। গুৱাহাটীৰ বশিষ্ঠ থানাৰ অন্তৰ্গত পিলিংকাটা নিবাসী ৬২ বছৰীয়া এই মহিলা গৰাকীক উদ্ধাৰ কৰা হৈছিল ক্ষত-বিক্ষত অৱস্থাত।
তেওঁ তিনিমহলীয়া ঘৰৰ প্ৰথম মহলাত বাস কৰিছিল লগতে তেওঁৰ জ্যেষ্ঠ পুত্ৰ-বোৱাৰী থাকে তলৰ মহলাত। তেওঁক কোনো ডকাইতে নৃশংসভাৱে হত্যা কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল যদিও শেহতীয়াকৈ জানিব পৰা গৈছে যে, মৃত্যুৰ পূৰ্বে ৰীণা দাসৰ সৈতে সংঘাত হৈছিল তেওঁৰ পুত্ৰ-বোৱাৰীৰ আৰু তাৰ পিছতেই মহিলাগৰাকীক ক্ষত বিক্ষত অৱস্থাত স্নানগাৰত উদ্ধাৰ কৰা হৈছিল।
ফলত পুত্ৰ-বোৱাৰীক সোধ-পোছ কৰাৰ বাবে আগবাঢ়িছে আৰক্ষী। উল্লেখ্য যে, পুত্ৰ আৰু বোৱাৰীৰ সৈতে সু-সম্পৰ্ক নথকাৰ বাবেই ৰীণা দাসে অৱসৰৰ পিছৰে পৰা ঘৰৰ প্ৰথম মহলাত বেলেগকৈ থাকিব লৈছিল ৷
এই সকলোবোৰ দিশ সামৰি আৰক্ষীয়ে অতি গুৰুত্ব সহকাৰে আগবঢ়াই নিছে তদন্ত প্ৰক্ৰিয়া ৷ তদন্ততে হয়টো অচিৰেই পোহৰলৈ আহিব অৱসৰপ্ৰাপ্ত বিষয়া ৰীণা দাসৰ হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত ৰহস্য৷













