ষ্টাফ ৰিপ’ৰ্টাৰ:
সাংবাদিক ভাতৃ পৰাগ ভুঞাক হেৰুৱাই শোকত ম্ৰিয়মান প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা।ভাতৃ মৃত্যুক সহজভাৱে লব পৰা অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক গৰাকীয়ে ।সংবাদ মাধ্যমৰ সন্মুখত ভাতৃ মৃত্যু উচিত তদন্ত দাবী জনায় তেওঁ কয় -সাধাৰণ দুৰ্ঘটনা নহয় মোৰ ভাতৃক নিখুঁত পৰিকল্পিত ভাৱে হত্যা কৰা হৈছে”।
“ভাতৃ হিচাপে ভালকৈ জানো সৎ আৰু নিৰ্ভীকভাৱে সাংবাদিকতা কৰি নিজৰ দায়িত্ব পালন কৰিছিল সি।আমাৰ অঞ্চলত চলি থকা বহু অবৈধ (কাঠ-কয়লা-গৰু) চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে সদায় বাতৰি পৰিৱেশন কৰিছিল।তেনে ব্যৱসায় লগত জড়িত থকা বহুতে ফোনেৰে যোগাযোগ কৰি ভাইটিক বুজাব কয়।বুজালে সি সাংবাদিকতা ধৰ্ম পালন কৰা বুলি মোক উত্তৰ দিয়ে” -ভুঞাই এইদৰে কয়।
ভাতৃ মৃত্যু পাছতে ককায়েক জগদীশ ভূঞা দাবী অবৈধ ব্যৱসায়ী চক্ৰই দীৰ্ঘদিনীয়া পৰিকল্পনাৰে তাক হত্যা কৰিলে।হত্যা সৈতে ডাঙৰ শক্তি জড়িত থকা বুলি কয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।
চৰকাৰক দাবী জনায় প্ৰাক্তন মন্ত্ৰী ভুঞাই কয়-মোৰ ভাতৃ ৰহস্যজনক মৃত্যুৰ সন্দেহৰ বিত্তৰ যিমানবোৰ বিষয় অন্তৰ্ভুক্ত হৈছে বা দিশ সন্দেহৰ আৱৰ্তলৈ আহিছে সেই সকলোবোৰ বিষয়ৰ ওপৰত দৃষ্টি ৰাখি তদন্তৰ আগবঢ়াব লাগে।
আৰক্ষীয়ে নিৰপেক্ষ তদন্ত যদি কৰে অথবা তদন্তত ৰাজনীতিৰ হস্তক্ষেপ নাথাকে তেন্তে অসম।আৰক্ষীয়েও দোষীক চিনাক্ত কৰিব পাৰিব কিন্তু নিৰপেক্ষ আৰু ৰাজনৈতিক হস্তক্ষেপ থাকিলে চিআইডি নহয় চিবিআইয়েও উলিয়াব নোৱাৰিব দোষীক।সকলো দিশ নিৰ্ভৰ কৰিব তদন্তৰ নিৰপেক্ষতা ওপৰত- এইদৰে কয় ভুঞাই।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুবাৰকৈ ফোনেৰে যোগযোগ কৰি কথা দিছে-“পৰাগ মোৰ ভাই হয়।তাৰ মৃত্যুত জড়িত থকা কোনো আঁৰৰ শক্তি বাছি যাব নোৱাৰিব”। গতিকে মুখ্যমন্ত্ৰী ওচৰত বিশ্বাস আছে কাৰণ সর্বনাদ সোণোৱাল মুখ্যমন্ত্ৰী তাৰ বাহিৰে পাৰিবাৰীক সম্পৰ্ক আছে আমাৰ সৈতে।সর্বা দা লগত আমাৰ পৰিয়ালতো এক দীঘলীয়া ইতিহাস আছে।সৰ্বা দায়ে যদি অতীতলৈ ঘূৰি চায় মই ভাবো ভাইটিয়েও বহুত ভাল পাইছিল।খুব নিবিড় ঘনিষ্ঠ সম্পৰ্ক আছিল ।সর্বা দায়ে মুখ্যমন্ত্ৰী হোৱা উপৰি যদি সেই দৃষ্টিৰে মনত পেলাই মই ভাবোঁ তেন্তে তদন্ত নিৰপেক্ষ ভাৱে কৰিব আৰু কৰিলে ভাল পাম- ভুঞাই কয়।
উল্লেখ বুধবাৰে ঘৰৰ সন্মুখতে এখন তীব্রবেগী বাহনৰ খুন্দাত গুৰুত্বভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যু হৈছিল সাংবাদিক গৰাকী।













