নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ৩৮৯ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ৩৮৯গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৮৩৬৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৯৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪৫ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ১.১১ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১০২৬৮ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৬৬৬গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৫৬৩৬গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৭.৭৯ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৬৩ গৰাকীলৈ বৃদ্ধি পালে।
🙁 9⃣3⃣ Cases detected out of
8⃣3⃣6⃣9⃣ tests conducted today, with positivity rate of 1.11%Kamrup Metro- 45
🙂 3⃣8⃣9⃣ patients discharged
↗️Total cases- 210268
▶️ Recovered- 97.79%
▶️ Active cases- 1.74%
▶️ Deaths- 0.46%8:30 PM/Nov 15 pic.twitter.com/JBzMYd8R4E
— Himanta Biswa Sarma (@himantabiswa) November 15, 2020