ষ্টাফ ৰিপ’ৰ্টাৰ:
শোণিতপুৰ ৰঙাপাৰত এগৰাকী যুৱতীৰ মৃতদেহৰ উদ্ধাৰৰ ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপাৰাৰ নাহৰণি চাহ বাগিচাৰ অধীনস্থ হাতীবাৰী চাহ বাগিচাৰ ১০ নং শাখাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।
কোনো দুবৃত্তই দলবদ্ধ ধৰ্ষণ কৰি যুৱতী গৰাকীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমানলৈ কোনো খবৰ বাহিৰলৈ অহা নাই। যুৱতীগৰাকী যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে। উক্ত ঘটনা সন্দৰ্ভত নিজ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।