![]()
আজিও সমাপ্ত নহ’ল অখিল গগৈৰ জামিন আবেদনৰ শুনানি। কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতাগৰাকীৰ অধিবক্তাই যুক্তি তৰ্ক শেষ কৰাৰ পিছতেই নেশ্বনেল ইনভেস্টিগেছন এজেঞ্চীয়ে নিজ বক্তব্যৰ বাবে এটা শুনানিৰ দিন বিচৰা ফলতেই উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ডিচেম্বৰ ৮ তাৰিখে শুনানিৰ দিন ধাৰ্য্য কৰে। জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে অখিল গগৈক জামিন প্ৰদানৰ কৰিবলৈ ভল্টেইৰৰ কথাৰে নিজ বক্তব্য সমাপ্ত কৰে। তেওঁ কয় যে, “মতৰ অমিল অথবা কোনো ব্যক্তি অইন চিন্তাধাৰেৰে পৰিচালিত হোৱাৰ বাবে তেওঁক জেলত ভৰাই থোৱা কথাটো সংবিধানৰ পৰিপন্থী।”
সদৌ শেষত তেওঁ কয় “ভল্টেইৰে কৈছিল মই তুমি কোৱা এটা কথাটো সন্মত নহ’ব পাৰো; কিন্তু মৃত্যু পৰ্যন্ত মই তোমাৰ কথা কোৱাৰ অধিকাৰ সুনিশ্চিত কৰিম।“ আৰু, এই বিশ্বজনীন নীতিয়েই অখিলৰ বেলিকা প্ৰযোজ্য হ’ব লাগে বুলি যুক্তি দিয়ে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।
উল্লেখ্য যে, নিম্ন আদালতে এই সন্দৰ্ভত প্ৰদান কৰা ৰায়সমূহৰ কাৰিকৰী বিসংগতি সমূহো আজি উচ্চ ন্যায়ালয়ক আঙুলিয়াই দিয়ে এহমদীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কল্যাণ ৰায় সুৰণাৰে গঠিত খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি আছে।













