নিউজ ডেস্কঃ
ক্ষোভত ফাটিছে অক্ষয় কুমাৰ! এজন ইউটিউবাৰৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে অভিনেতাগৰাকীয়ে।
জানিব পৰা মতে, বিহাৰৰ ৰচিদ চিদ্দিকি নামৰ ইউটিউবাৰজনে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে অক্ষয় কুমাৰৰ নাম জড়িত কৰি ছচিয়েল মিডিয়াত কেইবাটাও পোষ্ট কৰি যোৱা ৪ মাহে প্রায় ১৫ লাখৰো বেছি উপার্জন কৰিছে। তেওঁৰ ছাবস্ক্রাইবাৰৰ সংখ্যাও বাঢ়ি ২ লাখৰ পৰা একেকোবে ৩ লাখ পাইছেগৈ।
আৰক্ষীয়ে এই ইউটিউবাৰজনক মানহানি, উদ্দেশ্যপ্রণোদিত অপমান আৰু মিছা খবৰ বিয়পোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰিছে। অৱশ্যে আদালতে তেওঁৰ অগ্ৰিম জামিন মঞ্জুৰ কৰিছে। মুম্বাইৰ এক সংবাদ মাধ্যমৰ সূত্ৰ অনুযায়ী, ৰচিদ চিদ্দিকিয়ে মুম্বাই আৰক্ষী, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰে আৰু অক্ষয় কুমাৰৰ বিৰুদ্ধে একাধিক পোষ্ট কৰিছে। সেই পোষ্টবোৰে প্রায় লাখৰ ওপৰত ভিউ পায়। শিৱসেনা দলৰ অধিবক্তা ধর্মেন্দ্র মিশ্রই ইতিমধ্যেই ৰচিদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।