বলিউডৰ তিনি খান শ্বাহৰুখ, চলমন আৰু আমিৰ খানক একেলগে ডাঙৰ পৰ্দাত দেখা পোৱাটো যেনেদৰে দুৰ্লভ তেনেদৰে তিনিওকে একেলগে কাম কৰিবলৈ অনাটোও কঠিন। এইদৰেই এটা সময়ত কৈছিল বলিউডৰ কিং খানে। কিন্তু সেই কঠিন কামটোৱে এইবাৰ কৰি দেখাবলৈ আগবাঢ়িছে পৰিচালক অদ্বৈত চন্দন। আমিৰ খানৰ আগন্তুক ছবি ‘লাল সিং চাড্ডা’ত একেলগে পর্দাত দেখা পোৱা যাব শ্বাহৰুখ, চলমন আৰু আমিৰ খানক।
কেৱল ইমানেই নহয়। জানিব পৰা মতে, লাল সিং চাড্ডা ছবিত দেখুওৱা হ’ব শ্বাহৰুখ অভিনীত ছুপাৰ ডুপাৰ হিট ছবি ‘দিলৱালে দুলহনিয়া লে জায়েঙ্গে’ৰ ছেটত উপস্থিত হৈ যাব আমিৰ খান। তাত দেখা যাব দিলৱালে দুলহনিয়াৰ ৰাজক। একেদৰে এই ছবিখনত দেখা যাব চলমনৰ ‘মেইনে প্যাৰ কিয়া’ৰ আইকনিক চৰিত্র প্রেমকো।
অৱশ্যে এইটোও শুনিবলৈ পোৱা গৈছে যে চলমনৰ কথাটো এতিয়াও চূড়ান্ত হোৱা নাই। এই বিষয়ত লাল সিং চাড্ডাৰ পৰিচালক অদ্বৈত চন্দন তথা প্রযোজক আমিৰ খানে নিজেও এতিয়াও একো ঘোষণা কৰা নাই। কিন্তু খবৰটো প্রকাশ্যেি অহাৰ পিছৰ পৰাই চিনেপ্রেমীসকলৰ উত্তেজনাৰ যেন অন্ত নাই।
জানিব পৰা মতে, ইতিমধ্যে ই আমিৰৰ ছবিখনত নিজৰ কেমিও চৰিত্রৰ শ্বুটিং শেষ কৰিছে শ্বাহৰুখ খানে। একে সময়তে এইটোও শুনিবলৈ পোৱা গৈছে, চলমনৰ আগন্তুক ছবি ‘টাইগাৰ থ্রি’তো দেখা যাব পাৰে শ্বাহৰুখ খানক।
সংবাদ মাধ্য মৰ সূত্ৰ মতে, পাঠান চৰিত্রতেই চলমনৰ ছবি টাইগাৰ থ্রিত দেখা যাব শ্বাহৰুখক। আনহাতে, শ্বাহৰুখৰ পাঠান ছবিত টাইগাৰৰ চৰিত্রত অভিনয় কৰিবে ভাইজানে। চিত্ৰ সমালোচকসকলৰ মন্তব্যু, বলিউডৰ দুই ছুপাৰষ্টাৰক একেখন ছবিত দেখা গ’লে দর্শকৰ উত্তেজনাও চৰম সীমাত উপনীত হ’ব।
জানিব পৰা মতে, শ্বাহৰুখ খানৰ পাঠান ছবিৰ বাবে প্রায় ১২ দিন ধৰি শ্বুটিং কৰিব চলমনে। তাৰ পিছত নিজৰ টাইগাৰ থ্রিৰ শ্বিটিঙত হাত দিব তেওঁ। চলমনৰ সৈতে যোগ দিব শ্বাহৰুখেও।