ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২ ডিচেম্বৰ তাৰিখে অসম দিৱসৰ সৈতে সংগতি ৰাখি সমাজ গঢ়াৰ ক্ষেত্ৰত ছ্যুকাফা বঁটাৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক প্ৰদান কৰা হ’ব বঁটা। ২০১১ চনৰ পৰা প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা এই বঁটাৰ চলিত বৰ্ষত প্ৰদান কৰা হ’ব উক্ত সাহিত্যিল গৰাকীক। ২ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত ঠংচিক এই বঁটা প্ৰদান কৰিব মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটাৰ লগত সন্নিৱিষ্ট কৰা হৈছে এখন প্ৰশস্তি পত্ৰ লগতে তিনি লাখ টকাৰ নগদ আৰু এখন অংগবস্ত্ৰ। এই বঁটা প্ৰদান অনুষ্ঠানত ভাৰত চৰকাৰৰ খাদ্য সংসাধন বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, ৰাজ্য সভাৰ সভাৰ সংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ তপন কুমাৰ গগৈ, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি।
উল্লেখ্য যে, জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতি স্বৰূপে চলিত বৰ্ষতে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰে। ইয়াৰ উপৰিও সাহিত্যিকগৰাকীক ফুলচান্দ খাণ্ডেলৱাল সংহতি সাহিত্য বঁটা, কলাগুৰু বিষ্ণু ৰাভা বঁটাকে ধৰি কেইবাটাও বঁটাৰে বিভূষিত কৰিছিল।













