বোকাখাত: নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিবছৰে প্ৰকাশ কৰি অহা বিদ্যালয়খনৰ মুখপত্ৰ “নুমলী”ৰ বিংশতম সংখ্যাটি যোৱা ২৮ নৱেম্বৰত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহেন শইকীয়াই।
বিদ্যালয়খনৰ পৰা ক্ৰমাগতভাৱে ʼনুমলীʼ প্ৰকাশ কৰি আহিছে।চাহ জন গোষ্ঠী প্ৰধান ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় খনত সাহিত্য চৰ্চাৰ ক্ষেত্ৰত ‘নুমলী’-এ বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। মুখপত্ৰখন ই-মেগাজিন হিচাপেও প্ৰকাশ কৰা হৈছে।
উন্মোচনী অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলেও ‘নুমলী’ক লৈ গৌৰৱ কৰা পৰিলক্ষিত হয়।এই সংখ্যাৰ মুখপত্ৰখন সম্পাদনা কৰিছে বিদ্যালয়খনৰ ছাত্ৰী আৰতী গুপ্তাই।