ষ্টাফ ৰিপ’ৰ্টাৰ:
মোডী চৰকাৰৰ কৃষক বিৰোধী আইন বাতিলৰ দাবীত দেশজুৰি সূচনা হোৱা কৃষক বিদ্ৰোহলৈ পূৰ্ণ সমৰ্থন কৃষক মুক্তি সংগ্ৰাম সমিতি ।দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ কৃষকে দিল্লীৰ ৰাজপথত কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত গঢ়ি তোলা গণতান্ত্ৰিক আন্দোলনক আৰক্ষী- অৰ্ধসামৰিক বাহিনী মোটায়ন কৰি শান্তিপূৰ্ণ আন্দোলনক বাধা দিবলৈ কৰা অপচেষ্টা- মোডী চৰকাৰৰ হিটলাৰী আচৰণক তীব্র গৰিহণা সংগঠনটো।
সংগঠনতো সভাপতি ৰাজু বৰুৱা, যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী তিনিখন আইন শীঘ্ৰে বাতিল কৰা দাবী জনায়।উক্ত আইন কেইখনে চিৰজীৱনৰ বাবে কৃষক অধিকাৰ লুপ্ত কৰি বৃহৎ কৰ্পৰেট গোষ্ঠীৰ দাসত্বত পৰিণত হ’ব।
মোডী চৰকাৰৰ দিনত দেশৰ কৃষক সকলে এক ভাল ভৱিষ্যতৰ বাবে আশাৰে বাট চাইছিল।কিন্তু বহু জাতিক কোম্পানী পদলেহনকাৰী চৰকাৰখনে কৃষকৰ মৌলিক সমস্যা আৰু মূল দাবীসমূহ সমাধান কৰা পৰিৱৰ্তে কেৱল কৃষি উৎপাদিত সামগ্ৰীৰে নহয় এইবাৰ কৃষক শ্ৰেণীটোক পুঁজিপতি ওচৰত বিক্ৰী কৰিবলৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি সংগঠনটোৱে কয়।
ইফালে ৰাজ্য কৃষকৰ সমস্যা শীঘ্ৰে সমাধান কৰা বাবে কৃষক মুক্তিয়ে তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে।