ষ্টাফ ৰিপ’ৰ্টাৰ:
সোমবাৰে শপত গ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থা নৱগঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকে।গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত দায়িত্ব আৰু শপত গ্ৰহণ কাৰ্যসূচীত নৱ নিৰ্বাচিত সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা প্ৰমুখ্যে নৱ নিৰ্বাচিত সদস্য সকলক শপত বাক্য পাঠ কৰোৱাই বিদায়ী সাধাৰণ সম্পাদক লুৰীন জ্যোতি গগৈয়ে।
আছু দ্বিতীয়বাৰ বাবে সভাপতি দায়িত্ব গ্ৰহণ কৰি দীপাংক নাথে কয়- ৰাজ্যত কা’ বিৰুদ্ধে পুনৰ তীব্র সংগ্রাম হব।ক’ৰনা বাবে স্থগিত হৈ থকা আন্দোলন পুনৰ আৰম্ভ হ’ব”।
আনহাতে বিগত ৯ মাহে ৰাজ্যত বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহ পুনৰ মুকলি কৰা বাবে চৰকাৰক আহ্বান জনায় সভাপতি গৰাকীয়ে কয়-ৰাজ্য ক’ভিডৰ পৰিসংখ্যা চায় চৰকাৰে শিক্ষানুষ্ঠান খোলা ব্যৱস্থা কৰক।ছাত্ৰ-ছাত্ৰী লোকচান হোৱা শৈক্ষিক দায়িত্ব গ্ৰহণ কৰিব লাগিব চৰকাৰে।ছেৱা সৈতে কথা পাতি বিষয়টো আছুৱে আগবঢ়াই নিব বুলিও তেওঁ লগতে কয়।
দায়িত্ব গ্ৰহণ কৰি পুৰণি কাৰ্য নিৰ্বাহকৰ সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈ আৰু মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক ধন্যবাদ জনাই নাথে কয়-আগন্তক দিন দিহা পৰামৰ্শৰ কামনা প্ৰদান কৰিব।
সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি শংকৰজ্যোতি বৰুৱাই কা’- নদীবান্ধ বিৰোধী আন্দোলন তীব্রত কৰা হুংকাৰ প্ৰদান কৰে।তেওঁ কয় -অসমবাসী কা’ আন্দোলনক লৈ আছু মুখলৈ চাই আছে।ক’ৰনাই স্থবিৰ কৰা সংগ্রাম আছুৱে আগবঢ়াই নিমিলে অসমবাসীয়ে মনত দুখ পাব।
ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক স্তৰত থাকি যোৱা বিভিন্ন সমস্যা সমাধান কৰা বাবে দীৰ্ঘকালীন পৰিকল্পনা যুগুত কৰা বাবেও আছুৱে প্ৰচেষ্টা চলাব বুলি বৰুৱাই কয়।
নৱগঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰায় ৬০ গৰাকী সদস্যই আজি শপতগ্ৰহণ কৰে।