ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম আৰক্ষীৰ জিম্মাত JEE কেলেংকাৰীৰ খলনায়ক অন্যতম প্ৰদীপ কুমাৰ। দিল্লী আৰক্ষীৰ সহযোগত দেওবাৰে অসম আৰক্ষীয়ে প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰ কৰা পিছতেই চি জে এম আদালতে সোমবাৰে অভিযুক্তক ১০ দিনত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
অসম আৰক্ষীয়ে সন্দেহ কৰিছে যে প্ৰদীপ কুমাৰ এগৰাকী পেছাদাৰী ভাৰতীয় পৰীক্ষাৰ্থী; অভিযুক্ত নীল নক্ষত্ৰৰ ফালৰ পৰীক্ষাত বহিছিল ভাড়াতীয়া হৈ থকা প্ৰদীপ কুমাৰে। প্ৰদীপ কুমাৰক অসম আৰক্ষীয়ে তেওঁলোকৰ জিম্মাত জেৰা চলালেই পোহৰলৈ আহিব বহু ভয়ংকৰ তথ্য। অসম আৰক্ষী সূত্ৰৰ মতে, কেৱল অসমতে নহয়, দেশৰ বহু প্ৰতিষ্ঠানৰ লগত কুমাৰৰ আছে সম্পৰ্ক।