অজন্তা তালুকদাৰ:
বোকাখাত : ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট চলচিত্ৰ নিৰ্মাতা-পৰিচালক মঞ্জু বৰালৈ সদৌ অসম লেখিকা সমাৰোহ সমিটিয়ে প্ৰতি বছৰে প্ৰদান কৰি অহা “আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা” আগ বঢ়াইছে।
১৯৯৬ত মুক্তি লাভ কৰা “সপোন”ৰ লগত জড়িত হ’ল মঞ্জু বৰা। ১৯৯৯ চনত মঞ্জু বৰাৰ পৰিচালনাৰে নিৰ্মাণ হ’ল “বৈভৱ”-এ শ্ৰেষ্ঠ নবাগত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটাৰ লগতে শ্ৰেষ্ঠ এছীয় চিনেমাৰ আন্তঃৰাষ্ট্ৰীয় বটাঁৰে সন্মানিত হ’ল। এয়াই আছিল আৰম্ভণি।
বৰাৰ ‘অন্য এক যাত্ৰা’, ‘আকাশী তৰাৰ কথাৰে’, ‘লাজ’, ‘জয়মতী’, ‘আই ক’ত নাই’, ‘কঃয়াদ'( মিচিং), ‘দাও হুদুনী মেথায়'(বড়ো), ‘ইন দ্যা লেণ্ড অব পইজন উইমেন'(জেমি ঠাং, অৰুণাচল), ‘লাজ’, ‘জয়মতী আদি চিনেমা ইণ্ডিয়ান পেনোৰামাৰ ওপৰিও ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত।
বৰাৰ পৰিচালনাৰ “সৰ্ব গুণাকৰ শ্ৰীমন্ত শংকৰদেৱ” উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ এনিমেছন চিনেমা। অসমীয়া ভাষাৰ লগতে বিভিন্ন আঞ্চলিক ভাষাত এতিয়াও ১০খন চিনেমা নিৰ্মাণেৰে আঠোটাকৈ ৰাষ্ট্ৰীয় আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰে মঞ্জু বৰাই। এতিয়ালৈকে আঠটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাঁৰে সন্মানিত মঞ্জু বৰাই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মানেৰেও অলংকৃত হৈছে।
চিনেমা নিৰ্মাণৰ লগতে সমান্তৰাল ভাবে গল্প-উপন্যাসো ৰচনা কৰা বৰাৰ “বিবসনা মন”, “সীমন্তিনী”, “প্ৰেম পতঝড়”(হিন্দী), “বিয়ণ্ড মাইলষ্টোন”( ইংৰাজী),”মধ্যাহ্ন প্ৰেম” গল্প সংকলন আৰু “হাইনা” (উপন্যাস) আদি মঞ্জু বৰাৰ বহু পঠিত প্ৰকাশিত গ্ৰন্থ ।
মঞ্জু বৰা বৰ্তমান তেখেতৰ ১২ নম্বৰ চিনেমাৰ চিত্ৰনাট্যৰ কামত ব্যস্ত। অহা ১৭ ডিচেম্বৰত আইদেউ সন্দিকৈৰ জন্ম স্থান বোকাখাতৰ কমাৰগাঁৱত আয়োজিত আইদেউ সন্দিকৈ জন্ম শতবাৰ্ষিকীত মঞ্জু বৰাক এই বঁটা প্ৰদান কৰা হ’ব।













