ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : বোকাখাতৰ অন্যতম অগ্ৰণী সংবাদসেৱী সংগঠন কাজিৰঙা নিউজ নেটৱৰ্কৰ দ্বাৰা পৰিচালিত ৱেব প’ৰ্টেল কে এন এন বোকাখাত লাইভৰ যোৱা ৩০ নৱেম্বৰত নিজা ষ্টুডিঅ’ মুকলি কৰা হয়। এই উদ্দেশ্যে পুৱা বন্তি প্ৰজ্বলন কৰি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই। ষ্টুডিঅ’ মুকলি কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই।
উদ্বোধনী ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে বৰ্তমান সময়ৰ তথ্য প্ৰযুক্তিৰ যুগত ছপা মাধ্যমৰ সৈতে সমানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে বৈদ্যুতিন মাধ্যমেও দায়বদ্ধতা সমানে পালন কৰিছে বুলি উল্লেখ কৰি কয় যে বিগত সময়চোৱাত কে এন এন বোকাখাত লাইভে একনিষ্ঠ সংবাদ সেৱাৰ জড়িয়তে বোকাখাতৰ সমাজ তথা জাতিলৈ আগবঢ়োৱা বৰঙণিৰ কথা দোহাৰে আৰু অনাগত সময়ত কে এন এন-ৰ সেৱা অব্যাহত ৰখাৰ কামনা কৰে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিতি থাকি বক্তব্য প্ৰদান কৰে ক্ৰমে অসম ৰাজ্যিক সাংবাদিক সন্থা ৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰবন্ধক ড° কাজল শইকীয়া, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা আৰু বিশিষ্ট উদ্যোগপতি তথা সমাজকৰ্মী নৰেন্দ্ৰ কুমাৰ হাজৰিকাই। সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে বিশিষ্ট সাংস্কৃতিককৰ্মী ৰূপজ্যোতি ভড়ালীয়ে।
অনুষ্ঠানত আৰু উপস্থিত থাকে বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়া, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, প্ৰবীন নাট্যকৰ্মী মনো বৰা, বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ ভাৰত ফুকন, বিশিষ্ট নাট পৰিচালক বিজয়ানন্দ হাজৰিকা আদিৰ লগতে কে এন এন-ৰ অধ্যক্ষ বদন দুৱৰা আৰু মুখ্য সচিব প্ৰদ্যুত মহন্ত, প্ৰশাসক ক্ৰমে দিব্যজ্যোতি হাজৰিকা, ৰত্নেশ্বৰ মৰাং, প্ৰদীপ হাজৰিকা প্ৰমুখ্যে কে এন এন পৰিয়ালৰ সাংবাদিক আৰু অন্যান্য সদস্য সকল, স্থানীয় সাংবাদিক সকলৰ লগতে অন্যান্য স্থানীয় গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে। কাজিৰঙা নিউজ নেটৱৰ্কৰ “কাজিৰঙা বঁটা ২০১৯-২০” ৰ প্ৰাপক সকলৰ নাম অনুষ্ঠানতে ঘোষণা কৰা হয় ৷













