ষ্টাফ ৰিপ’ৰ্টাৰ:
সদৌ ভাৰত কৃষক সংঘৰ্ষ সমন্বয় সমিতি আহ্বান মৰ্মে কৃষি আইন বাতিলৰ দাবীত দেশৰ লগতে গুৱাহাটী মহানগৰীত বুধবাৰে সাব্যস্ত হয় প্ৰতিবাদী কাৰ্যসূচী ।কৃষক মুক্তি সংগ্রাম সমিতিকে বহুকেইটা জাতীয় সংগঠনে মহানগৰী ৰাজগড়ত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তি সন্মুখত সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰা কাৰ্যসূচী জৰিয়তে কৃষকৰ দাবী মানি লওঁক, কৰ্পৰেট দালাল মোডী চৰকাৰ শুচিয়াৰ, কৃষক বিৰোধী কৃষি আইন বাতিল কৰক, কৃষক আৰু খেতি পথাৰ বিক্ৰী কৰা নচলিব আদি শ্লোগান প্ৰদান কৰি পৰিৱেশ উত্তাল কৰি তোলে













