ষ্টাফ ৰিপ’ৰ্টাৰ:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ত পৰিষদ দাবী কমিটিৰে বুধবাৰে জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক।মূখ্যমন্ত্ৰীৰ কাৰ্যালয় হৈ বৈঠকত উপস্থিত থাকে আইন উপদেষ্টা শান্তনু ভৰালী।
বিষ্ণুপ্রিয়া মণিপুৰী স্বায়ত্ত পৰিষদ গঠন কৰা দাবীৰে অনুষ্ঠিত বৈঠক খনত সংগঠনটো ফালৰ পৰা ২০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
বৈঠকত উপস্থিত থাকি সংগঠনটো সচিব গোপীন্দ সিংহাই কয়-কাছাৰ কৰিমগঞ্জ, হাইলাকান্দি লগতে অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা বিষ্ণুপ্ৰিয়া মণিপুৰী সকলৰ বাবে সুকীয়া স্বায়ত্ত পৰিষদ গঠন কৰিব লাগে।তাৰ বাবে বিধানসভা শীতকালিন অধিৱেশনত চৰকাৰে বিষ্ণুপ্রিয়া মণিপুৰী স্বায়ত্ত পৰিষদ বিধেয়ক উত্থাপনৰো দাবী জনায় সিংহাই।
উল্লেখ ২০১১ চনৰ লোকপ্ৰিয়লৰ তথ্য অনুসৰি অসমত ডেৰ লাখৰো অধিক বিষ্ণুপ্ৰিয়া মণিপুৰী লোকে বসবাস কৰে।
গুৰুত্বপূৰ্ণ পূৰ্বতেও সংগঠনটোৱে সুকীয়া স্বায়ত্ত পৰিষদ দাবী জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ প্ৰদান কৰা কথা জানিব দিয়ে সচিব গৰাকীয়ে।
ইফালে বৈঠকৰ অন্তত বিষয়টো আগবঢ়াই নিয়া আশ্বাস প্ৰদান কৰে ভৰালীয়ে।লগতে মুখ্যমন্ত্ৰীৰো বিষয়টো সমাধান কৰাত আশ্বাস থকা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সংগঠনটো সচিব গৰাকীয়ে।
উল্লেখ বিটিছি নিৰ্বাচনৰ পিছতে বিষয়টো আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে।বিষয়টো নিৰ্বাচনৰ পূৰ্বে সমাধান নহলে সংগঠনটোৱে পৰৱৰ্তী কাৰ্যসূচী শীঘ্ৰে ঘোষণা কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।













