অজন্তা তালুকদাৰ:
বোকাখাত : বোকাখাত জিলা কৰ্মচাৰী পৰিষদৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন যোৱা ৩০ নৱেম্বৰত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হৈ যায়। এই উদ্দেশ্যে পুৱা পতাকা উত্তোলন কৰে জিলাৰ সভাপতি অতুল চন্দ্ৰ বৰীয়ে।
বৃক্ষ ৰোপন কৰে মণ্টু বৰাই আৰু স্মৃতি তৰ্পণ কৰে বিশিষ্ট লেখিকা কল্পনা চেতিয়াই। সমূহ কাৰ্যসূচীৰ আঁত ধৰে সাধাৰণ সম্পাদক প্ৰফুল্ল পূজাৰীয়ে।
প্ৰতিনিধি সভা উদ্বোধন কৰে জীৱন শইকীয়াই। প্ৰতিনিধি সভাতে আগন্তুক দুবছৰৰ বাবে অতুল চন্দ্ৰ বৰীক সভাপতি আৰু প্ৰফুল্ল পূজাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয়। মুকলি সভা উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই।
সভাত সন্মুখীন অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই। সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি দ্বীপেন শৰ্মা, যুটীয়া সম্পাদক শ্যামন্ত দাস, সাংগঠনিক সম্পাদক আজিজুৰ ৰহমান, প্ৰকাশ নেওগ, অপূৰ্ব বৰদলৈ আৰু অজয় বৰা উপস্থিত থাকে।
সভাত ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা আঁচনি প্ৰবৰ্তন কৰা, ষষ্ঠ দৰমহা আয়োগৰ সংশোধনীৰ বাবদ পাব লগীয়া ১১ মাহৰ বকেয়া আদায় দিয়া, ঠিকা ভিত্তিত নিয়োজিত শিক্ষক-কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, নতুন পেঞ্চন আঁচনি বন্ধ কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰখা, শিক্ষকৰ আৰ্জিত ছুটি ৩০ দিনলৈ বৃদ্ধি কৰা, কাৰ্যালয় সমূহত ৰাজ্য ভাষা প্ৰয়োগ কৰা আদি কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰফুল্ল পূজাৰীয়ে













