ষ্টাফ ৰিপ’ৰ্টাৰ:
কাছাৰ জিলাৰ কালাইনত সংঘটিত এক ভয়ংকৰ পথ দূৰ্ঘটনাত নিহত হয় চাৰিজনকৈ কলেজীয়া ছাত্ৰ। শিলচৰ-গুৱাহাটী সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালাইন লক্ষীপুৰত সংঘটিত এই দূৰ্ঘটনাত নিহত ছাত্ৰ কেইজন বদৰপুৰ স্থিত নবীন চন্দ্ৰ কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।
কলেজৰ পৰা বাইকেৰে কালাইনলৈ গৈ থকা অৱস্থাত দ্ৰুতবেগী এল্ট বাহনে মহতিয়াই নিয়ে আটাইকেইজনক। দূৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।













