ষ্টাফ ৰিপ’ৰ্টাৰ:
হোজাই জিলাত আটক এক ধুৰন্ধৰ ড্ৰাগছ ব্যৱসায়ী আকাশীগংগাৰ তপজজুৰিস্থিত লকমান আলীৰ পুত্ৰ ফিৰোজ আলী। গোপন সূত্ৰৰ পম খেদি হোজাইৰ ডি এছ পি দিপ্তী মালী আৰু ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুপৰ্ণ গগৈৰ নেতৃত্বত চলা এই অভিযানত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তক।
ফিৰোজৰ পকেটৰ পৰা ২৮.২৬ গ্ৰাম হিৰইন জব্দ কৰা হয় যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য হ’ব প্ৰায় ১৪ লাখ টকা। হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে।
উল্লেখ্য যে, কিছুদিন পূৰ্বেও ডি এছ পিগৰাকীৰ নেতৃত্বত ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল।
ডিমাপুৰ আৰু অসমৰ মাজত এটা বৃহৎ চক্ৰই ড্ৰাগছৰ ক’লা ব্যাৱসায় কৰি বহু সম্ভ্ৰান্ত পৰিয়ালৰ যুৱক যুৱতীক মৃত্যুৰ বিপদৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।













