ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি আদ্যশ্ৰাদ্ধ।দিছপুৰৰ চৰকাৰী আৱাসগৃহত পৰিয়ালে আয়োজন কৰিছে ৰাজ্য তিনিবাৰ মুখ্যমন্ত্ৰী গগৈৰ আদ্যশ্ৰাদ্ধ।
প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ সদগতিৰ বাবে পৰিয়ালে নাম- প্ৰসংগ গায়ন-বায়নৰ আয়োজন কৰিছে।
পিতৃক হেৰুৱাই সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে কয়-অনুভৱ হৈছে আজি কেৱল আমাৰ ঘৰত পৰিয়ালে এজন প্রিয় সদস্য হেৰুৱাৰ নাই।চলিত বছৰতো অসমবাসীৰ বাবে এটা জটিল বছৰ।যত আমাৰ দৰে বহুতে নিজৰ এজন প্রিয় সদস্যক হেৰুৱাব লগা হৈছে।কোনোৱে কভিডৰ বাবে আন কোনোৱে অন্য কাৰণত।
“ভগৱান কৃষ্ণ, ভগৱান ৰামৰ পৰা এটা কামনা কৰিছোঁ আমাৰ ঘৰত আয়োজন কৰা গায়ন-বায়ন, নাম প্ৰসংগই আপোনজনক হেৰোৱাৰ প্ৰতিজন অসমবাসীয়ে মনৰ শক্তি- শান্তি পোৱাটো কামনা কৰিছোঁ”- গৌৰৱে কয়।
ভগৱানৰ কৃপাত আমাৰ ঘৰত নাম প্ৰসংগ, গায়ন-বায়ন আয়োজন কৰা শক্তি আছে কিন্তু বহুজনৰ সেই শক্তি নাই।গতিকে এই নাম প্ৰসংগৰে সকলোৱে মংগল হ’ব লাগে বুলি লগতে তেওঁ কয়।













