অজন্তা তালুকদাৰ:
বোকাখাত : অৱশেষত ক’ভিডৰ ওচৰত হাৰ মানি চিকিৎসাধীন অৱস্থাতে গুৱাহাটীস্থিত কালাপাহাৰৰ ক’ভিড হাস্পতালত ইহলীলা সম্বৰণ কৰিলে বোকাখাতৰ সামাজিক ক্ষেত্ৰখনৰ এজন আগৰণুৱা ব্যক্তি, শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰজাবাৰীৰ প্ৰতিষ্ঠাপক প্ৰধান আচাৰ্য, সাহিত্যসেৱী সুৰেন্দ্ৰ নাথ দাসে(৭২)।
ৰজাবাৰী অঞ্চলৰ প্ৰথমজন ব্যৱসায়ী হিচাপে বিশেষ নাম থকা সুৰেন্দ্ৰ নাথ দাস দেৱে ১৯৯৭ চনত শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰজাবাৰীৰ প্ৰতিষ্ঠাৰ লগত জড়িত হৈ সেই নিকেতনৰ প্ৰতিষ্ঠাপক প্ৰধানাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰি শ শ ছাত্ৰ ছাত্ৰীক পোহৰৰ বাট দেখুৱাই নিয়াৰিকৈ দায়িত্ব সম্পাদন কৰি ২০১৫ চনত অৱসৰ গ্ৰহণ কৰা দাস বোকাখাত শংকৰদেৱ শিশু নিকেতনৰো প্ৰতিষ্ঠাপক আছিল।
ৰজাবাৰী তথা বোকাখাত অঞ্চলৰ কেবাটাও অনুষ্ঠানৰ প্ৰতিষ্ঠাপক অংশীদাৰ সুৰেন্দ্ৰ নাথ দাসে শেহতীয়াকৈ আশীটা গীত, কবিতাৰ একত্ৰ সংকলন “সুৰধ্বনি” প্ৰকাশ কৰি সাহিত্য জগততো নিজৰ স্থান ৰাখি থৈ গৈছে। অংকুৰণ সাহিত্য সভাৰ উপ সভাপতি তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য দাসদেৱৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বোকাখাতৰ বিভিন্ন ৰাইজ,শংকৰদেৱ শিশু নিকেতন, ৰজাবাৰী পৰিয়াল তথা তেখেতৰ গুণমুগ্ধ সকল শোকত ভাগি পৰে।
সৰলতাৰে বহুতৰে লগত সু সম্পৰ্ক ৰক্ষা কৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ দায়িত্বত থকা দাসৰ নিঠৰ দেহ কভিড প্ৰট’কল অনুসৰি গুৱাহাটীৰ উলুবাৰী অঞ্চলতে সৎকাৰৰ ব্যৱস্থা কৰা হৈছে যদিও তেখেতৰ ঘৰত স্থানীয় ৰাইজে তেখেতৰ সুদৃশ্য প্ৰতিকৃতি স্থাপন কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইফালে ৰজাবাৰীৰ ব্যৱসায়ী সন্হাই ৪ বজাৰ পৰা ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰাখে। মৃত্যুৰ সময়ত তেখেতে প্ৰাক্তন জিলা পৰিষদৰ সদস্যা তথা পত্নী হেমকুমাৰী দাস, দুই পুত্ৰ,দুই পুত্ৰ বধু, এগৰাকী কন্যা, নাতি-নাতিনী আৰু আত্মীয় স্বজনক এৰি থৈ গৈছে।













