অজন্তা তালুকদাৰ:
বোকাখাত : বৃহস্পতিবাৰে দিনৰ ভাগত বোকাখাত নগৰৰ পুলিছ পইন্টৰ কাষতে ৰাজপথত মুৰ্মুষ অৱস্থাত এজন ব্যক্তি উদ্ধাৰ হয় ৷ সংজ্ঞাহীন হৈ পৰি থকা লোকজনক দেখা পাই বিজয় কুটুম নামৰ এজন ব্যক্তিয়ে আনি বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে গতাই থৈ যায় ৷
চিকিৎসক আৰু নাৰ্চে সংজ্ঞাহীন লোকজনক চিকিৎসা প্ৰদান কৰি থাকা অৱস্থাতেই মৃত্যু ঘটে ৷ মৃত ব্যক্তিজন ক’ৰ আৰু ক’ৰ পৰা আহিছিল এতিয়াও চিনাক্ত হোৱা নাই ৷ চিকিৎসকে অচিনাক্ত লোকজনৰ মৃত্যুৰ পাছত বোকাখাত আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে লোকজনৰ সন্ধানত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷













