ষ্টাফ ৰিপ’ৰ্টাৰ:
জোনাইত এক অচিন ৰোগে আকৌ এক বিভীষিকাৰ সৃষ্টি কৰিছে। ক’ৰোণা মহামাৰীৰ মাজতে অহা এই অচিন ৰোগে শেহতীয়াকৈ সেই অঞ্চলৰ দুজনকৈ লোক ক্ৰমে প্ৰশন্ন নৰহ আৰু বিজয় ঙাতে নামে দুজন লোকৰ প্ৰাণ লয়।
দুয়োগৰাকীৰ লোকৰ মৃত্যুয়ে বৰ্তমান আতংকৰ সৃষ্টি কৰিছে অঞ্চলটোত। অস্বাভাৱিক ভৰি, হাতৰ দূৰ্বলতা, খোজ কঢ়াত অসুবিধা হোৱাৰ লগতে বমিৰ লক্ষণ হৈছে এই অচিন ৰোগৰ লক্ষণ।
অচিন ৰোগত আক্ৰান্ত ৰোগী সকলক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰা হৈছিল যদিও কোনোধৰণৰ সুফল পাবলৈ সক্ষম হোৱা নাই৷ বৰ্তমানেও জোনাইৰ বাহিৰ চিলে গাঁৱৰ ছয়জনকৈ লোক ক্ৰমে নিৰ্জোৰাম ৰেগৰ পুত্ৰ নিলেছ ৰেগন(১৭), ৰামায়ণ পেগুৰ পুত্ৰ জনাৰ্ধন পেগু(২০), মনিকান্ত ঙাতেৰ পুত্ৰ মনোজ ঙাতে(২৯), অতুল ৰেগনৰ পুত্ৰ ৰবিন ৰেগন(২৪), কলেচন ৰেগনৰ পুত্ৰ প্ৰমনাথ ৰেগন(২৪), চেনিৰাম নৰহৰ পুত্ৰ প্ৰশান্ত নৰহ(১২), নামৰ লোক কেইজন এমাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ থকা বুলি জানিব পৰা গৈছে৷
ৰাজ্যৰ চিকিৎসা উন্নতি হোৱা বুলি চৰকাৰে দাবী কৰি থকাৰ মাজতে চিকিৎসা বিজ্ঞানীয়েও এই অচিন ৰোগৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ চিকিৎসা বিজ্ঞানৰ বিফলতাৰ পিছত নেদেখা জনৰ ওচৰত জীৱনৰ ভিক্ষা মাগিব লগা হৈছে এই সকল নিৰীহ লোকে৷ আনহাতে এই অচিন ৰোগৰ উন্নত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা লবলৈ স্থানীয় লোকে দাবী জনাইছে৷













