ষ্টাফ ৰিপ’ৰ্টাৰ:
আবেগিক পৰিৱেশত সদৌ অসম ছাত্ৰ সন্থা পৰা আনুষ্ঠানিক বিদায় গ্ৰহণ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ ।গুৱাহাটীৰ বিশ্ববিদ্যালয়ত আছু কেন্দ্ৰীয় নেতৃত্বই আনুষ্ঠানিক ভাৱে বিদায় জনাই ছাত্ৰ নেতা গৰাকীক।
আৱেগিক পৰিৱেশত বিদায় গ্ৰহণ কৰি লুৰিনে সোঁৱৰণ কৰিলে আছু দীঘলীয়া যাত্ৰা কথা।স্মৰণ কৰিলে শ্বহীদৰ কথা।ছাত্ৰ সন্থা আদৰ্শ চিন্তা-চেতনা, জাতীয় দৰ্শন সমূহ পৰৱৰ্তী সময়ত মোৰ কামত দেখিবলৈ পাব।চিন্তা-চেতনা আদৰ্শ জাতীয় দৰ্শন সমূহক কঢ়িয়াই লৈ ফুৰিম।আছুৱে দিয়া শিক্ষা, শক্তি বিভিন্ন ধৰণৰ জাতীয় চেতনা হ’ব মোৰ সমল।বিদায় দিয়াটো এটা প্ৰাকৃতিক নিয়ম কিন্তু যাৰ ঠিকনা হৃদয়ত খোদিত কৰা হৈছে সেই ঠিকনা মোহাৰি পেলাব নোৱাৰি- লুৰিনে কয়।
আজি লুৰিনজ্যোতি গগৈ হিচাপে চিনাকি দিয়াত ছাত্ৰ সন্থা, শিক্ষাগুৰু, মা-দেউতা অৰিহনা আছে।পৰৱৰ্তী দিনত আছুক শক্তি শালি ৰূপত আগবঢ়াই নিব লাগিব বুলি উল্লেখ কৰি গগৈয়ে কয় -ছাত্ৰ সন্থাৰ মাজৰ পৰা অহা শক্তিয়ে দিনে নিশাই কাম কৰা প্ৰেৰণা দিয়ে।
ৰাজ্যবাসীক আশ্বাস প্ৰদান কৰি গগৈয়ে কয় অসম মাতৃ পূজাৰ বেদিত মোৰ পূজা সদায় থাকিব।কোনো কাৰণত আগতে কৰা ভুল বা ব্যক্তিগত চিন্তাৰে পৰিচালিত নহওঁ সেই কথা স্পষ্ট।অনিশ্চয়তা ভৱিষ্যত দেখি, সংকট জটিলতা থকা পাছতো জাতি বাবে জঁপিয়াই পৰিছোঁ।ব্যক্তিগত স্বাৰ্থ থকা হলে বহুত পথ আছিল কিন্তু মই সেই পথ লোৱা নাই।সাহসেৰে আত্ম প্ৰত্যয়ে যি যাত্ৰা কৰিম দেশ, জাতি আৰু সমাজৰ বাবে।
বিদায় সভা মুকলি মঞ্চত কা’ আন্দোলনৰ সময়ত অসম ৰাইজে আইনী যুঁজৰ বাবে আগবঢ়োৱা টকা আছু নৱনিৰ্বাচিত নেতৃত্বৰ হাতত অৰ্পণ কৰে লুৰিনে।ৰাইজে যি খামত যেনেদৰে ধনৰাশি আছু নেতা গৰাকীক আগবঢ়াইছিল সেই খামতে তথ্য সহকাৰে ৫ লাখ ৫১হাজাৰ ১৫২টকা আছু নেতৃত্বক অৰ্পণ কৰে গগৈয়ে।ইফালে নতুন যাত্ৰা কথা শীঘ্ৰে ঘোষণা কৰিব বুলিও গগৈয়ে কয়।













