নিউজ ডেস্কঃ
শাৰী পিন্ধি জিমনাষ্টিকছ কৰা ভিডিও ভাইৰেল। পশ্চিম বংগৰ ৰায়গঞ্জ ব্লকৰ আব্দুলঘাটাৰ বাসিন্দা নকুল সৰকাৰৰ জীয়ৰী মিলি সৰকাৰ। জীয়ৰীৰ এই সাফল্যত আনন্দিত পিতৃ নকুল। আগন্তুক দিনত আৰু কিবা কৰি দেখুৱাব বিচাৰে মিলিয়ে।
দুখীয়া পৰিয়ালত জিমনাষ্টিকছ, যোগা আৰু কন্টেমপোৰেৰী নৃত্য শিকা আছিল খুবেই কঠিন৷ এই প্রতিকূলতাৰ মাজতো তিনিওটা সমানভাবে চলাই গৈছে মিলি সৰকাৰে৷ ৰায়গঞ্জ ব্লকৰ কুলিক নদীৰ পাৰৰ গাঁও আব্দুলঘাটাৰ বাসিন্দা নকুল সৰকাৰৰ জীয়ৰী মিলি সৰকাৰ।
পাঁচ বছৰ আগতে শিলিগুড়িৰ এটি সংস্থাত নৃত্য শিকিবলৈ আৰম্ভ কৰে তেওঁ। লকডাউনৰ কাৰণে সকলো ওলট-পালট হৈ যায়। লকডাউনৰ কাৰণে যোগাযোগ ব্যৱস্থা বন্ধ থকাৰ ফলত শিলিগুড়িলৈ যোৱা বন্ধ কৰিবলগা হয়। সেয়ে ঘৰতেই যোগ প্রশিক্ষণ চলাই গৈছে মিলি সৰকাৰে।
২০১৮ চনত মহাৰাষ্ট্রত সর্বভাৰতীয় যোগ প্রতিযোগিতাত অসামান্য সাফল্য লাভ কৰে তেওঁ। এই প্রতিযোগিতাত মিলিয়ে চেম্পিয়ন হৈ সোণৰ পদক লাভ কৰে। দুখীয়া পৰিয়ালৰ সন্তান হ’লেও পৰিয়ালে তেওঁৰ উৎসাহত বাধা প্ৰতিবন্ধকতা সৃষ্টি নকৰে।
পিতৃ নকুলৰ মহাৰাষ্ট্রলৈ পঠাবৰ বাবে আর্থিক সামর্থ নাথাকিলেও আনৰ পৰা ৫০ হাজাৰ টকা ঋণ লৈ তেওঁক পঠাবলগা হৈছিল। সর্বভাৰতীয় প্রতিযোগিতাত অসামান্য সাফল্যৰ পিছত সেইবোৰ সকলো পাহৰি যায় নকুলে। দুজনী ছোৱালী আৰু এজন ল’ৰাৰে মুঠ পাঁচজনীয়া পৰিয়ালটো গাড়ী চলাই পোহপাল দিয়ে।