ষ্টাফ ৰিপ’ৰ্টাৰ:
লখিমপুৰৰ ৰামপুৰত পথ দূৰ্ঘটনা। ডাম্পাৰে মহতিয়াই নিলে এখন বাইকতে থকা তিনি বাইক আৰোহী ক্ৰমে চাজাহান আলী, জেহেৰুল ইছলাম আৰু নিজাম আলী। দূৰ্ঘটনা সংঘটিত কৰি পলাই যায় ডাম্পাৰ চালক আৰু আনহাতে থিতাতে মৃত্যু হয় তিনি যুৱকৰ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে উত্তপ্ত কৰে পৰিস্থিতি৷ উধাও হোৱা ডাম্পাৰখন জব্দ কৰাৰ দাবীত বহু সময় মৃতদেহ ৰাজপথৰ পৰা উঠাবলৈ নিদিয়াৰ লগতে অৱৰোধ কৰে পহুমৰা কিমিন সংযোগী পথ৷ অৱশেষত দণ্ডাধীশৰ উপস্থিতিত শাম কাটে পৰিস্থিতি।













