ষ্টাফ ৰিপ’ৰ্টাৰ:
কোকৰাঝাৰ থানাৰ চকীত শুই নিশা কটালে সাংসদ নৱ কুমাৰ শৰণীয়াই। ওৰে দিন প্ৰচাৰ চলাই ভাগৰত জিৰণি কোঠা নাপাই চকীৰ ওপৰতে ভৰি তুলি নিশা কটালে সাংসদ গৰাকীয়ে ।
নিশা আলফা শ্বহীদ তপেশ্বৰ ৰায় ওৰফে উৎপল ৰাভাৰ ঘৰত নিশাৰ আশাৰ গ্ৰহণ কৰি ওলাই অহা সময়তে একাংশ লোকে ধন বিতৰণৰ অভিযোগ উত্থাপন কৰি সাংসদ শৰণীয়া আৰু দলীয় কৰ্মীসকলক আক্ৰমণ কৰে আৰু তাৰ পিছতেই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সাংসদ শৰণীয়াক কোকৰাঝাৰ থানালৈ লৈ আহে।
সাংসদ শৰণীয়াই নিজৰ শাৰীৰিক অসুস্থতাৰ বাবে এটা কোঠা বিচাৰি আবেদন জনালেও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে শৰণীয়াই৷













