ষ্টাফ ৰিপ’ৰ্টাৰ:
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ সংসদত উত্থাপন আৰু গৃহীত হোৱা এটা বছৰৰ সম্পূৰ্ন হোৱা বিশেষ দিনটোতে ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা’ বিৰোধী আন্দোলন।উত্তৰ-পূৰ্ব ছাত্ৰ সংগঠন চমুকৈ নেছ আহ্বান মৰ্মে সদৌ অসম ছাত্ৰ সন্থাই কা’ বিৰোধিতাৰে গুৱাহাটীৰ শ্বহীদ ন্যাসত কলা পতাকা উত্তোলন কৰে।
কোনো কাৰণত কা’ মানি নোলোৱা সংকল্পৰে আছুৱে শ্বহীদ ভৱনৰ সন্মুখত কলা পতাকা প্ৰদৰ্শন কৰে।উল্লেখ যোৱা বৰ্ষ ১১ ডিচেম্বৰত ৰাজ্যসভাত কা’ গৃহীত কৰা পাছত নেছ’ৱে উত্তৰ-পূৰ্বত কলা দিন হিচাপে পালন কৰিছিল তাৰ তাৰ অংশ হিচাপে উত্তোলন কৰা হৈছে কলা পতাকা- এইদৰে কয় নেছ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।
অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, অসম চুক্তিক।উলংঘা কৰা -খিলঞ্জীয়া বিৰোধী, সাম্প্ৰদায়িক, অসাংবিধানিক কা’ অসমবাসীয়ে মনা নাছিল, নাই আৰু নামানে- ভট্টাচাৰ্য কয়।
উল্লেখ নেছ আহ্বান মৰ্মে উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ ৰাজ্য লগতে অসমৰ প্ৰতিখন জিলাত আছুৱে শুকুৰবাৰে কলা পতাকা উত্তোলন কৰি কলা দিন পালন কৰে।













