ষ্টাফ ৰিপ’ৰ্টাৰ:
বহিঃৰাজ্যৰ যুৱক আহি অসমৰ যুৱতীক প্ৰেমৰ জালত পেলাই পলুৱাই নিয়া ঘটনা একেবাৰেই সুলভ নহয়। আমি প্ৰায়ে এনে ঘটনাৰ সন্মুখীন হওঁ; এইবাৰ এনে এক অনুৰূপ কাণ্ড সংঘটিত হৈছে গোলাঘাটৰ এটি পৰিয়ালত।
মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই ৮ জুন তাৰিখে গোলাঘাট নগৰৰ ১ নং ৱাৰ্ডৰ দিলীপ বিশ্বাসৰ জীয়ৰী চোমা বিশ্বাসে সমনীয়াৰ ঘৰলৈ যাওঁ বুলি কোৱাৰ পিছতেই নিৰুদ্দেশ হৈ পৰে।
পৰিয়ালৰ লোকে কোনো সম্ভেদ নোপোৱাত ১০ জুন তাৰিখে গোলাঘাট আৰক্ষীক এখন এজেহাৰ প্ৰদান কৰে যদিও কিছুদিন পিছতে চোমাই এটি ফোনৰ জৰিয়তে লক্ষ্ণৌৰ এজন ৰৌস্তগ উপাধিৰ ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ বুলি জনায় নিজ পৰিয়ালবৰ্গক।
কিন্তু উল্লেখনীয় কথা এই যে, চোমাই ফোন কৰা দুদিন পিছতে উক্ত ফোন নম্বৰটোৰ পৰা ছোৱালীজনীৰ পিতৃ-মাতৃক উভতাই ফোন নকৰিবলৈ ভাবুকি প্ৰদান কৰা হয়। সমান্তৰালকৈ আজি পৰ্যন্ত সেই ফোনটো বন্ধ হৈ থকাত চিন্তাত পৰে চোমাৰ পিতৃ-মাতৃ।
পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে, কন্যা চোমা বিশ্বাসক প্ৰেমৰ মায়াজালত আৱদ্ধ কৰি অসমৰ পৰা বহিঃ ৰাজ্যলৈ লৈ যোৱাৰ অভিসন্ধিৰে অপহৰণ কৰিছে ।
উক্ত লোকজন নাৰী দেহ ব্যৱসায়ত জড়িত থকা বুলিও সন্দেহ কৰিছে পৰিয়ালৰ লোকে। এনে সময়ত অসম চৰকাৰৰ গৃহ বিভাগে কিশোৰী গৰাকীক উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।













