অজন্তা তালুকদাৰ:
বোকাখাত : জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক, ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা সদ্যপ্ৰয়াত সুৰেন্দ্ৰ নাথ দাসৰ স্মৃতিত যোৱা ১৪ ডিচেম্বৰত এখন ৰাজহুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। যোৱা ৩ ডিচেম্বৰত দেহাৱসান ঘটা দাসৰ নিজ গৃহত আদ্য শ্ৰাদ্ধ উপলক্ষ্যে আজি অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানৰ আঁত ধৰে ঐক্য মঞ্চৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰীতিৰঞ্জন বৰুৱাই আৰু সভাৰ সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই।
সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ঐক্য মঞ্চৰ সম্পাদক প্ৰহ্লাদ মিলিয়ে। সভাতে প্ৰয়াত দাসৰ পত্নী তথা বিশিষ্ট সমাজকৰ্মী হেমকুমাৰী দাসক ঐক্য মঞ্চৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় প্ৰীতিৰঞ্জন বৰুৱাই আৰু পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি পত্নী হেমকুমাৰী দাসৰ হাতত ঐক্য মঞ্চৰ তৰফৰপৰা এখনি শ্ৰদ্ধাঞ্জলি পত্ৰ অৰ্পন কৰা হয়।
উল্লেখ্য যে গোলাঘাট জিলাৰ শংকৰদেৱ নিকেতন সমূহৰ ভিতৰতে সৰ্বপ্ৰথম স্থাপিত ৰজাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দাস প্ৰতিষ্ঠাপক প্ৰধান আচাৰ্য আছিল। সভাত প্ৰয়াত দাসৰ গুণৰাজি আৰু সমাজ, সংস্কৃতি, শৈক্ষিক জগতৰ প্ৰতি আগবঢ়োৱা অৰিহণাৰ কথা সোঁৱৰি প্ৰয়াত গৰাকীৰ পত্নী হেমকুমাৰী দাস, পুত্ৰ তথা নগাঁৱৰ জনসংযোগ বিষয়া অৰুণজ্যোতি দাসৰ লগতে বক্তব্য প্ৰদান কৰে ক্ৰমে ঐক্য মঞ্চৰ কাৰ্যকৰী সভাপতি দীপ্ত সেউজ গগৈ, বন্তি প্ৰজ্বলক ভবানন্দ কলিতা, ঐক্য মঞ্চৰ হস্তশিল্প, উদ্যোগ শাখাৰ সভাপতি তথা বিশিষ্ট নাট্যকৰ্মী মনো বৰা, বিশিষ্ট নাট্যকাৰ-কবি-সাংবাদিক অমৰ শৰ্মা, ৰজাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য উমা উপাধ্যায়, কবি-সাংবাদিক অজন্তা তালুকদাৰ, ঐক্য মঞ্চৰ সাহিত্য শাখাৰ উপসভাপতি অৱনী বৰঠাকুৰ আদিয়ে।
উল্লেখ্য যে প্ৰয়াত দাসৰ স্মৃতিত প্ৰতি বছৰে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ তৰফৰ পৰা এগৰাকী সুযোগ্য সাংস্কৃতিক কৰ্মীক এটি বঁটা আৰু ঐক্য মঞ্চৰ মুখ্য কাৰ্যালয় ‘বৰঘৰ’ৰ চৌহদত প্ৰয়াত দাসৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
লগতে দাসৰ কায়িক অনুপস্থিতিত সুযোগ্যা পত্নী হেমকুমাৰী দাসক ঐক্য মঞ্চৰ উপদেষ্টা হিচাপে লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।
অনুষ্ঠানত প্ৰয়াত দাসৰ পুত্ৰ, বোৱাৰী, নাতি নাতিনীকে ধৰি পৰিয়াল-স্বজনৰ লগতে কবি-সাংবাদিক অমল দাৱ, বোকাখাত থানা সমিতিৰ প্ৰাক্তন সভাপতি মৃদুল বৰা, কবি ঊষাজোন ফুকন, বহু সংখ্যক গুণমুগ্ধ, স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শেষত সভাপতিৰ ভাষণতে শলাগৰ শৰাই আগবঢ়ায় সভাৰ সভাপতি বুবুল দত্তই।













