অজন্তা তালুকদাৰ:
বোকাখাত : বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু ৰাজনীতি বিজ্ঞান সংস্থাৰ উদ্যোগত যোৱা ১০ ডিচেম্বৰত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস পালন কৰা হয়।
এই উদ্দেশ্যে গ্ৰহণ কৰা এটি অনলাইন কাৰ্যসূচী অনুসৰি মহাবিদ্যালয়ৰ মানৱ অধিকাৰ বিষয়টোৰ লগত সংগতি ৰাখি ‘আচাম ৰাজে এণ্ড গান্ধী ক’পাৰেটিভ মেনেজমেন্ট’ৰ স্কুল অৱ পাবলিক পলিচি এণ্ড ল’ বিভাগৰ মূৰব্বী অধ্যাপক ড° দ্বীপম বৰুৱাই অনলাইন যোগে মানৱ অধিকাৰৰ অৰ্থ, ক্ৰমবিকাশ তথা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মানৱ অধিকাৰৰ এক তুলনামূলক আলোচনা আগবঢ়ায়।
তেওঁ আগবঢ়োৱা সাৱলীল ভাষণে উপস্থিত শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলক উপকৃত কৰে। অনলাইন কাৰ্যসূচীৰ আঁত ধৰে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপিকা শান্তিছায়া বৰুৱাই। আদৰণি ভাষণ প্ৰদান কৰে বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক প্ৰশান্ত ফুকনে। অনুষ্ঠানত বিভাগীয় অধ্যাপক ক্ৰমে ড° নন্দিতা কাকতি, নগেন্দ্ৰনাথ নায়ক, শশাংক ধৱল শইকীয়াৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক গোট, ছাত্ৰ একতা সভাৰ সদস্য সকল উপস্থিত থাকে।
প্ৰশ্নোত্তৰ শিতানত ছাত্ৰ ছাত্ৰী সকলে বিবিধ প্ৰশ্নৰ অৱতাৰণা কৰি সমল ব্যক্তিৰ পৰা উত্তৰ আদায় কৰিবলৈ সক্ষম হয়। শলাগৰ শৰাই আগবঢ়ায় প্ৰশান্ত শইকীয়াই। কাৰিকৰী দিশত সহায় আগবঢ়ায় পৱন হাজৰিকা, উৎপল বৰা আৰু দীপজ্যোতি সুবেদিয়ে।
অনুষ্ঠানৰ শেষত কাৰ্যসূচীৰ সফলতাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ আৰু সমল ব্যক্তি ড° দ্বীপম বৰুৱালৈ কৃতজ্ঞতা জ্ঞাপন কৰে শান্তিছায়া বৰুৱাই।












