নিউজ ডেক্স:
পঞ্জাৱৰ এজন প্ৰতিবাদী কৃষকৰ আজি পুৱা জাৰৰ প্ৰকোপত মৃত্যু ঘটিছে ৷ দিল্লী-হাৰিয়ানাৰ সীমান্তত এই কৰুণ ঘটনাতো ঘটিছে ৷ কৃষকজনে ১০, ১২ আৰু ১৪ বছৰ বয়সৰ তিনিটাকৈ সন্তান এৰি থৈ গৈছে ৷
ইয়াৰ উপৰিও কালি আন এজন কৃষকে নিজৰ মুৰত গুলিয়াই আত্মহত্যা কৰিছে ৷ বাবা ৰাম সিং নামৰ ৬৫ বছৰীয়া মৃত কৃষকজন হাৰিয়ানাৰ কাৰ্ণাৰ জিলাৰ লোক আছিল ৷
উল্লেখযোগ্য যে, ইমানবোৰ দেশৰ নাগৰিকৰ দুখ-দুৰ্দশাৰ পিছতো গা লৰা নাই কেন্দ্ৰীয় চৰকাৰৰ ৷
প্ৰতিবাদী কৃষকসকলে নিজৰ দাবীত অটল থাকি সাংবাদিকৰ আগত কয় যে তেওঁলোকে চৰকাৰক তেওঁলোকৰ দাবীসমূহ মানি ল’বলৈ বাধ্য কৰিবই ৷ প্ৰতিবাদী কৃষকসকলৰ নেতা জগজিৎ দালেৱালে সাংবাদিকৰ আগত কয় যে “চৰকাৰে বৰ্তমান তেওঁলোকৰ দাবী মানি নলওঁ বুলি কৈছে যদিও আমি তেওঁলোকক বাধ্য কৰিমেই” ৷
স্মৰ্তব্য যে আজিলৈকে প্ৰতিবাদী কৃষকসকল আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ তোমাৰ সহিতে গৃহমন্ত্ৰী অমিত শ্বাহ আলোচনাত বহিছে যদিও কোনো ফল লাভ কৰা নাই ৷












