নিউজ ডেক্স:
আৰক্ষী তথা পোষ্টমৰ্টেম ৰিপৰ্টে হাথৰসৰ ২০ বছৰীয়া যুৱতীগৰাকীক গণধর্ষণৰ কৰা বুলি মানি নোলোৱা বা উল্লেখ নকৰিলেও এইবাৰ চিবিআইয়ে জনাইছে, অভিযুক্ত চাৰিজনে যুৱতীগৰাকীক গণধর্ষণ কৰিছে।
এই মর্মে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আনিছে চিবিআইয়ে। লগতে আনিছে হত্যাৰ অভিযোগ। অনুসূচীত জাতি/জনজাতি (হাৰাশাস্তি প্রতিৰোধ) আইনতো অভিযোগ অনা হৈছে। এই কথা জনাইছে খোদ অভিযুক্তৰ অধিবক্তাই।












