নিউজ ডেক্স:
আফগানিস্থানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এটা বিবৃতিত কয় যে দেওবাৰে তেওঁলোকৰ সেনাৰ হাতত ৭৪টা তালিবানী সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছে ৷ কান্দাহাৰত সশস্ত্ৰ বাহিনীৰে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী কেইটা নিহত হোৱা বুলি জানিবলৈ দিয়ে ৷
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰপৰা দিয়া এটা টুইটত এইবুলি উল্লেখ কৰি কয় যে Zheria, Dand, Panjwae আৰু Arghandab জিলাত হোৱা সংঘৰ্ষত ৭৪টা সন্ত্ৰাসবাদী নিহত হয় আৰু আন ১৫টা আহত হৈছে ৷
আফগান সুৰক্ষা বাহিনীৰ ওপৰত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত কৰা আক্ৰমণৰ ফলত সন্ত্ৰাসবাদীকেইটাৰ মৃত্যু হোৱা বুলি চৰকাৰী সূত্ৰই জনাইছে ৷ ঘটনাস্থলীৰপৰা বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে ৭৪টা মৃতদেহ উদ্ধাৰ হয় ৷
আফগান চৰকাৰ আৰু তালিবানৰ মাজত সঘনাই হোৱা শান্তি আলোচনায়ো একো সুফল দিব নোৱাৰাৰ পাছত যোৱা কিছুদিনৰপৰা কান্দাহাৰ আৰু সীমান্তবৰ্তী এলেকাত সঘনাই সংঘৰ্ষৰ সৃষ্টি হোৱাৰ বাতৰিয়ে আন্তঃৰাষ্ট্ৰীয় শিৰোনামা দখল কৰিছে ৷












