নিউজ ডেক্স:
সপ্তাহটোৰ শেষত দুদিনীয়া বঙ্গ ভ্ৰমণলৈ আহে কেন্দ্রীয় গৃহমন্ত্ৰী। তেওঁৰ উপস্থিতিত বিজেপিত যোগ দিয়ে একাধিক হেভিৱেইট প্রাক্তন তৃণমূল নেতাই। তাৰ পিছতেই তুমুল চৰ্চা ৰাজ্যখনৰ ৰাজনীতিত। বিৰোধীৰ জল্পনা, আসন্ন নিৰ্বাচনত তৃণমূল হাৰিব পাৰে।
এই এই সকলো জল্পনাতেই চেঁচা পানী ঢালিলে ‘নিৰ্বাচন গুৰু’ প্রশান্ত কিশোৰে। আজি টুইটাৰত একপ্ৰকাৰ মুকলি প্ৰত্যাহ্বান জনাই পিকেই কয় যে আসন্ন বিধানসভা নির্বাচনত বিজেপিয়ে দুই অঙ্কৰ বেছি সংখ্যক আসনতে সীমাবদ্ধ থাকিব। আৰু সেয়া নহ’লে তেওঁ চিৰকালৰ বাবে এই পেছাৰ পৰা বিদায় ল’ব।
উল্লেখযোগ্য যে বিধানসভা নির্বাচনত প্রচাৰৰ দায়িত্ব প্রশান্ত কিশোৰৰ কোম্পানীৰ ওপৰতেই দিছে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে। যোৱা বছৰৰ পৰাই কামত ধৰিছে পিকেৰ কোম্পানীয়ে। ৰাজ্যৰ ৰাজনীতিত অস্থিৰতাৰ অৱস্থা হোৱাত তেওঁলোকৰ দিশে আঙুলিও উঠিছে।
এইবাৰ টুইটাৰত সংবাদ মাধ্যমক কটাক্ষ কৰি প্রশান্তই লিখিছে, ‘সংবাদ মাধ্যমৰ একাংশই যি বতাহ বলাইছে, বাস্তৱত বিজেপিয়ে পশ্চিমবঙ্গত দুই অঙ্কৰ আসন পাবলৈ হাবাথুৰি খাব। অনুগ্ৰহ কৰি টুইট ছেভ কৰি ৰাখক, বিজেপিয়ে ভাল ফল দেখালে পেছা এৰি দিম।’












