নিউজ ডেক্স:
কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ আন্দোলনৰ মাজতেই বিহাৰ চৰকাৰে গ্ৰহণ কৰিলে কৃষকসকলৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত। বিহাৰত কৃষকসকলৰ বাবে দিয়া ডিজেল ছাবচিডি বন্ধ কৰা হৈছে। কৃষিমন্ত্রী অমৰেন্দ্র প্রতাপ সিঙে চৰকাৰৰ এই সিদ্ধান্ত জনাইছে।
তেওঁ কয় যে এতিয়া প্রতিখন গাঁৱতে বিদ্যুৎ উপলব্ধ হৈছে। ইয়াৰ উপৰি বিদ্যুৎ ডিজেলৰ তুলনাত সস্তা। গতিকে এতিয়া ডিজেল অনুদানৰ প্রয়োজন নাই। উল্লেখযোগ্য যে এই বছৰ খাৰিফ কৃষিৰ সময়তো কৃষকসকলে ডিজেল ছাবচিডি পোৱা নাই। কৃষকসকলক তিনিটা কৃষিৰ বাবে প্রতি লিটাৰত ৬০ টকা অনুদান দিয়া হৈছিল।
বিগত বিত্তীয় বৰ্ষত চাৰে ছয় লাখ কৃষকে এই সুবিধা লাভ কৰিছিল। কিন্তু এই সংখ্যা আবেদনকাৰী সকলৰ ভিতৰত অর্ধেক আছিল। ইয়াৰ আগতে ৩০ লাখৰো অধিক কৃষকৰ একাউন্টত ডিজেল ছাবচিডি দিয়া হৈছিল।












