নিউজ ডেস্কঃ
হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত ছবি ‘গৰু’ শুভমুক্তি পাব অহা ২৩ জানুৱাৰীত। ছাহজাহানৰ কাহিনী আধাৰত নিৰ্মিত ছবিখনৰ শুভমুক্তি হ’ব একেলগে ৩২৫ টা স্থানত। ছবিগৃহ বিপৰীতে ‘গৰু’ মুক্তি পাব প্ৰেক্ষাগৃহ-নাট্য মন্দিৰত।
ৰাইজৰ দ্বাৰা ছবিখন মুক্তি দিয়া বাবে ছবিগৃহৰ বিপৰীতে ৩২৫টা স্থানত বহুল কৈ প্ৰচাৰ কৰা প্ৰয়াস কৰা হৈছে- পৰিচালক হিমাংশু প্ৰসাদ দাসে কয়।
উল্লেখ ২২ জানুৱাৰীত গুৱাহাটী কুমাৰ ভাস্কৰ নাট্য মন্দিৰত প্ৰথম দৰ্শনী মুকলি হ’ব লগা ছবিখনত অভিনয় কৰিছে বাহৰুল ইছলাম, পাকিজা বেগম, সিদ্ধাৰ্থ মুখাৰ্জী, কমল লোচন, চন্দন দাস, লনিশ্ৰী আদিয়ে।
শুভমুক্তি দিনা প্ৰদৰ্শনী বাবে ১২৫টা স্থান ইতিমধ্যে চূড়ান্ত হৈছে। ২০০টা স্থান বৰ্তমানো খালি হৈ আছে। যদি ছবিখন কোনোৱে বুকিং কৰিব বিচাৰে তাৰ বাবে ‘গৰু’ ছবি টিমৰ সৈতে যোগাযোগ কৰা আহ্বান জনায় পৰিচালক দাসে।
ছবিখনত সংগীত ব্যৱস্থাপনাত জড়িত হৈ আছে অংগৰাগ পাপন মহন্ত, নীল আকাশ, দীপলীনা ডেকা আদি কন্ঠশিল্পীয়ে। লখিমী নামৰ এজনী গাই-গৰুক লৈ ছবিখনৰ আৰম্ভণি।